মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ খনি আৰু খনিজ পদাৰ্থ ভূ-তত্ব আৰু খনন সঞ্চালকলয়

আন্তঃগাঁথনি

            যিকোনো খনিজ আৰু ঔদ্যোগিক উন্নয়নৰ বাবে পৰ্যাপ্ত আন্তঃগাঁথনি এটা পূৰ্বচৰ্ত স্বৰূপ প্ৰসঙ্গ। দক্ষিণ-পূব এছিয়ালৈ প্ৰৱেশদ্বাৰ হিচাপে অসমৰ যি স্বপ্ন আৰু পৰিকল্পনা আছে, সেই দিশে ৰাজ্যখন ক্ৰমে অগ্ৰসৰ হৈ আছে আৰু প্ৰয়োজনীয় আন্তঃগাঁথনিৰ উন্নয়ন কৰি গৈ আছে।

পৰিবহন-

অসমৰ মুখ্য পৰিবহন ব্যৱস্থা হৈছে পথ, ৰেল, বিমান সেৱা আৰু জল পৰিবহন।

১.২ পথ সেৱা

            অসমৰ সকলোবোৰ প্ৰধান চহৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সতে সংযুক্ত হৈ আছে। ৰাজ্যখনত পৰিবহন ব্যৱসথাৰ উন্নয়নৰ বাবে ইতিমধ্যে ফৰলেনৰ কাম চলি আছে। ব্ৰহ্মপুত্ৰৰ ওপৰত এতিয়াও কেইবাখনো দলং নিৰ্মাণৰ কাম চলি আছে।

১.৩ ৰেল সেৱা

            অসমৰ সকলোবোৰ প্ৰধান চহৰকে ৰেলপথে চুই গৈছে। ৰেলসেৱাৰ জৰিয়তে ভাৰতৰ প্ৰধান নগৰবোৰৰ সৈতে অসম সংযুক্ত হৈ আছে।

১.৪ বিমান সেৱা

            ভাৰতৰ অন্য প্ৰান্তৰ সৈতে অসম বিমান পথৰ জৰিয়তে ভালদৰে সংযুক্ত হৈ আছে।অসমত ছটা অসামৰিক বিমান বন্দৰ আছে, যেনে- গুৱাহাটী, যোৰহাট, তেজপুৰ, উত্তৰ লখিমপুৰ, ডিব্ৰুগড় আৰু শিলচৰ। ব্যক্তিগত বিমানৰ উপৰিও ৰাজ্যৰ নিজা বিমান আছে, যিয়ে নিয়মীয়া আৰু পোনপটীয়া উৰণ সেৱা আগবঢ়ায়। ৰাজধানী নগৰ গুৱাহাটী ভাৰতৰ মুখ্য চহৰবোৰৰ সৈতে বিমান সেৱাৰ দ্বাৰা খুব সুন্দৰকৈ সংযুক্ত হৈ আছে। নিকট ভৱিষ্যত ৰাজ্যখনত অধিক বিমান বন্দৰ নিৰ্মিত হোৱাৰ সম্ভাৱনা আছে।

১.৫ আভ্যন্তৰীণ জল পৰিবহন

            যাত্ৰীৰ উপৰি বিভি সা-সামগ্ৰীৰ আহ-যাহ কৰাবৰ বাবে ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীত বাণিজ্যিক ভিত্তিত জল পৰিবহনৰ ব্ৱস্থা আছে। দেশৰ ভিতৰত ব্ৰহ্মপুত্ৰ হৈ দ্বিতীয়টো ৰাষ্ট্ৰীয় জলপথ।

১.৬ আভ্যন্তৰীণ কণ্টেইনাৰ ডিপো

            গুৱাহাটীৰ পৰা ১০ কিলোমিটাৰ নিলগত ব্ৰহ্মপুত্ৰ নদীৰ তীৰত আমিনগাঁৱত এটা আভ্যন্তৰীণ ডিপো সক্ৰিয় হৈ আছে। সেই ডিপোটো কণ্টেইনাৰ কৰ্পোৰেচন ইণ্ডিয়া লিমিটেডৰ দ্বাৰা পৰিচালিত হৈ আছে।

২. দূৰ সংযোগ

            ৰাজ্যখনত দূৰ সংযোগ নেটৱৰ্ক সেৱাৰ ভাল সুবিধা আছে। বিএচএনএলে আগবঢ়োৱা লেণ্ডলাইন টেলিফোন সেৱাৰ উপৰিও অন্যান্য প্ৰায়বোৰ প্ৰধান মোবাইল নেটৱৰ্ক কোম্পানীৰ সেৱা ৰাজ্যখনত উপলব্ধ আছে। ডি.এচ.এল. ব্ৰডবেণ্ড আৰু বেতাঁৰ ব্ৰডবেণ্ড সেৱা গুৱাহাটীৰ লগতে ৰাজ্যখনৰ অন্যান্য প্ৰধান চহৰবোৰত উপলব্ধ আছে।

৩. বেংকিং আৰু বিত্ত

            প্ৰায় সকলোবোৰ ৰাষ্ট্ৰীয়কৃত বেংক, বিত্তীয় প্ৰতিষ্ঠান আৰু বিমা কোম্পানীৰ আঞ্চলিক বা মাণ্ডলিক কাৰ্যালয় গুৱাহাটীত আছে।

            ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াৰ আঞ্চলিক কাৰ্যালয় গুৱাহাটীত আছে বিভিন্ন বহুজাতিক বেংকেও ৰাজ্যখনত কাম কৰি আছে।

            দ্য প্ৰিমিয়াৰ ফৰেইন ট্ৰেড বেংক, এক্সিচ বেংকটোৱে গুৱাহাটীত কাম কৰি আছে।

৪. মানৱ শক্তি উন্নয়ন

            অসমৰ উচ্চ শিক্ষা আৰু বৃত্তিমুখী শিক্ষাৰ প্ৰতিষ্ঠান আছে। কাৰিকৰী শিক্ষাৰ প্ৰতিষ্ঠানৰ ভিতৰত আই.আই.টি. আছে, যিয়ে উচ্চ দক্ষতাসম্পন্ন মানৱ শক্তিৰ সৃষ্টি কৰিছে। বৰ্তমানে অসমত পাঁচখন বিশ্ববিদ্যালয় আছে। যেনে- গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়, তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়, শিলচৰস্থিত অসম বিশ্ববিদ্যালয় (কেন্দ্ৰীয়), অসম কৃষি বিশ্ববিদ্যালয় (য়োৰহাট)। অসমত ইতিমধ্যে ছখন চিকিত্সা মহাবিদ্যালয়, পাঁচন চৰকাৰী অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু বহুত ব্যক্তিগত অভিযান্ত্ৰিক মহাবিদ্যালয় আছে। ইয়াৰ উপৰিও অসমত ২৩খন ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান আৰু ৮খন পলিটেকনিক আছে। এই প্ৰতিষ্ঠানবোৰে বিভিন্ন ধৰণৰ বৃত্তিমুখী পাঠ্যক্ৰম আগবঢ়ায় তাৰোপৰি, গুৱাহাটীত এখন ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠান আৰু এখন ভাৰতীয় তথ্যপ্ৰযুক্তি প্ৰতিষ্ঠান আছে।

            ২০১১ চনৰ ৰাষ্ট্ৰীয় লোকপিয়ল অনুসৰি অসমৰ সাক্ষৰতাৰ হাৰ ৭২.১৯ শতাংশ, যত পুৰুষৰ সাক্ষৰতাৰ হাৰ ৭৭.৮৫ শতাংশ আৰু মহিলাৰ ৬৬.২৭ শতাংশ।

ভূতত্ব

            অসমত আক্তিয়ানৰ পৰা কোৱাটাৰনেৰী, পলিঅজইক আৰু টাৰ্চিয়েৰীলৈকে বিভিন্ন যুগৰ নানা ধৰণৰ প্ৰস্তৰ দেখিবলৈ পোৱা যায়। অসমত পোৱা আটাইতকৈ প্ৰাচীন প্ৰস্তৰ হৈছে আক্তিয়ান যুগৰ নেইছিৰ গোটৰ শিলসমূহ। প্ৰাক্-কেম্ব্ৰিয়ান যুগৰ শ্বিলং গোটৰ এৰেনেচিয়াছ আৰু আৰ্জিলেচিয়াছ মেটাচেডিমেণ্ট প্ৰস্তৰ নেইছিক গোটৰ প্ৰস্তৰৰ ওপৰত বিস্তাৰিত হৈ আছে। এই দুয়ো গোটৰে প্ৰস্তৰসমূহ এস্কিবলাইটছ, মেটাডলেৰাইট আৰু পিগমেটাইটৰ দ্বাৰা প্ৰভাৱিত হৈছে। শিঙিমাৰী গঠনে পালিঅজইক যুগৰ প্ৰস্তৰক প্ৰতিনিধিত্ব কৰে। ৰাজমহল আন্মেয়গিৰিৰ সৈতে সম্পৰ্কিত হৈ জুৰাচিক সময়তে ট্ৰেপ, ডাইক আৰু চিলৰ স্তৰীয় অৱস্থান প্ৰায় স্থিৰ হৈ পৰিছিল। আগ্নেয়গিৰিমূলক কাৰ্যকলাপৰ পাছত টাৰ্চিয়েৰী চেডিমেণ্টলৈকে এই সময়ছোৱাত অসমৰ ভূতাত্বিক ইতিহাসক এক শূণ্যতা দেখিবলৈ পোৱা যায়। পুৰণি, নতুন আৰু শেহতীয়া চেণ্টাইক ভৰালত কোৱাটাৰনেৰী সময়ক প্ৰতিনিধিত্ব কৰা প্ৰস্তৰৰ নমুনা দেখিবলৈ পোৱা যায়।