মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ খনি আৰু খনিজ পদাৰ্থ ভূ-তত্ব আৰু খনন সঞ্চালকলয়

ৰাজ্যালোচনী

ৰাজ্য

অসম প্ৰাকৃতিক সৌন্দৰ্য্য, সম্পদ, উৰ্বৰ উপত্যকা, মহান নদ-নদী আৰু সাংস্কৃতিক ঐতিহ্যৰে চহকী এক ভূ-খণ্ড, যি ভাৰত বৰ্ষৰ উত্তৰ- পূব কোণত অৱস্থিত। ই উত্তৰ-পূবৰ আঠ বাই-ভনীৰ এজনী। এই ৰাজ্যখনৰ তিনিফালে পূব হিমালয়ৰ পাদদেশ আৰু নগা – পাটকাই পৰ্বতমালাই আগুৰি আছে। পশ্চিমে ঠেক যুক্ত অঞ্চল এটাই এই ৰাজ্যক দেশখনৰ অন্য প্ৰান্তৰ সৈতে সংযুক্ত কৰি ৰাখিছে। এই ৰাজ্যখন আন্তৰ্জাতিক সীমাৰেখাৰেবাংলাদেশ আৰু ভূটানৰ সতে সংযুক্ত হৈ আছে। লগতে এই ৰাজ্যখন উত্তৰ-পূবৰ অন্য ৰাজ্যসমূহ আৰু দক্ষিণ-পূব এছিয়ালৈ প্ৰৱেশদ্বাৰ স্বৰূপ। ৰাজ্যখন ২৪০ উত্তৰৰ পৰা ২৮০ উত্তৰ অক্ষাংশীয় বিস্তৃতিৰ লগতে ৮৯০৪৫/পূৱৰ পৰা ৯৬০০০/পূৱ দ্ৰঘিমাংশলৈ বিস্তৃত হৈ আছে। যিয়ে ৭৮,৪৩৮ বৰ্গ কি.মি. এলেকা সাঙুৰি লৈছে। ৰাজ্যখন ৩৬ খন প্ৰশাসনিক জিলাত বিভক্ত। দিছপুৰ হল অসমৰ ৰাজধানী লগতে ই উত্তৰ-পূৰ্বাঞ্চলৰ যোগাযোগআৰু বাণিজ্যিক প্ৰণকেন্দ্ৰ স্বৰূপ।

প্ৰাকৃতিক ভূগোল

            অসমখনক তিনিটা প্ৰাকৃতিক ভৌগোলিক গোটত ভাগ কৰিব পাৰি-

            ১. উত্তৰে ব্ৰহ্মপুত্ৰ উপত্যকা

            ২. উত্তৰ কাছাৰ আৰু কাৰ্বি আংলঙৰ কেন্দ্ৰীয় পাৰ্বত্য এলেকা

            ৩. দক্ষিণে বৰাক উপত্যকা

            ব্ৰহ্মপুত্ৰ উপত্যকা ইণ্ডো-গংগা সমভূমিৰ পূৰ্বদিশৰ বিস্তৃতি। লগতে ই হিমালয় পাদদেশৰ নগা-পাটকাই পৰ্বতৰাজি আৰু শ্বিলং মালভূমিৰ পৰা পৃথক কৰিছে। এই উপত্যকাই ৫৬,২৭৪ বৰ্গকিলোমিটাৰ এলেকা আগুৰি আছে যি অসমৰ সৰ্বমুঠ মাটিকালিৰ ৬৯ শতাংশ।

            কেন্দ্ৰীয় পাৰ্বত্য এলেকাখিনি দেখিবলৈ নাচপতিৰ আকাৰৰ ওখ ঠাই আৰু মালভূমি অঞ্চল যি ব্ৰমহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ মাজতে পৰে। এই পাৰ্বত্য এলেকাৰ উত্তৰ অংশ, কাৰ্বি আংলং মালভূমি দৰাচলতে শ্বিলং মালভূমি অঞ্চলৰ এক উত্তৰ-পূবীয় বিস্তৃতি। উত্তৰ কাছাৰ পাহাৰ হৈছে ইয়াৰ দক্ষিণ অংশ নগা-বৰাইল পৰ্বতমালাৰ সৈতে সংপৃক্ত হৈ আছে। অসমৰ আটাইতকৈ ওখ শৃংগ এই বৰাইল পৰ্বতমালা হাফলঙত আছে, যি সাগৃৰপৃষ্ঠৰ পৰা ১৭১৩ মিটাৰ উচ্চতাত অৱস্থিত।

            বৰাক উপত্যকা অসমৰ দক্ষিণ দিশত অৱস্থিত। ঘোঁৰাৰ খুড়াৰ আকৃতিৰ এই সমভূমি পূৱা-পশ্চিমাকৈ ৮৫ কিলোমিটাৰলৈ বিস্তৃত আৰু উত্তৰে-দক্ষিণে ৭০ কিলোমিটাৰলৈ বিস্তৃত। এই উপত্যকাৰ দক্ষিণ-পশ্চিম অংশ খুবেই কম উচ্চতাসম্পন্ন আৰু ই ক্ৰমে পূবলৈ ওখ হৈ যোৱা। কৰিমগঞ্জৰ ওচৰত ইয়াৰ চ্চতা হৈছে সাগৰপৃষ্ঠৰ পৰা ৪৬.০ মিটাৰ আৰু পূৱে জিৰিবাম নামে অঞ্চলৰ উচ্চতা হৈছে সাগৰপৃষ্ঠৰ পৰা ৭৫.০ মিটাৰ।

জলনিষ্কাষণ-

            অসমৰ জলনিষ্কাষণ ব্যৱস্থাৰ মূল হৈছে ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী। ব্ৰহ্মপুত্ৰ ১.০ মিটাৰ/৮.৫ কিলোমিটাৰ গতিমাত্ৰাৰে ৰাজ্যখনৰ বুকুৱেদি পুৱা-পশ্চিমাকৈ বৈ গৈছে। উত্তৰ আৰু দক্ষিণফালৰ প্ৰধানকৈ মূৰ ৪০খন উপনৈ আহি ব্ৰহ্মপুত্ৰত মিলিছে। নদীখনৰ দুয়োপাৰৰ অঞ্চলবোৰ খাল, বিল, পিতনি আদিৰে ভৰি আছে। বৰাক নৈখন মণিপুৰৰ উত্তৰ-পূব অংশৰ পৰা নাগালেণ্ডৰ সীমাইদি আহি কাছাৰ কৰিমগঞ্জৰ সমতলেৰে বাগৰি আহিছে। ওপৰৰ পৰা নামি আহোতে বুকুত বহুতো পাহাৰীয়া নিজৰা সামৰি লোৱাৰ উপৰিও সমতলত বৰাক নদীয়ে বহু উপনৈকো সাঙুৰি লৈছে।

জলবায়ু-

            অসমৰ জলবায়ু গ্ৰীষ্ণপ্ৰধান মৌচুমী, যি প্ৰবল বৃষ্টিপাত আৰু উচ্চ আৰ্দ্ৰতাসম্পন্ন। গড় আৰ্দ্ৰতা হৈছে ৯০ শতাংশ। নৱেম্বৰৰ পৰা ফেব্ৰুৱাৰীলৈকে এই সময়ছোৱাত ইয়াত শীতকাল হয়। শীতকালত উষ্ণতা ১০০ৰ পৰা ১২০ চেলচিয়াছ হয়। এপ্ৰিল-মে মাহত বংগোপসাগৰত চাপৰ সৃষ্টি হয়, যাৰ ফলত অসমত প্ৰৱল ধুমুহা আৰু বৰষুণো হয়, যাক ইয়াত বৰদৈচিলা বুলি কয়। তাপমাত্ৰা ২০০-২৮০ চেলচিয়াছ হয়গৈ। দক্ষিণ-পশ্চিম মৌচুমী বতাহৰ ফলত জুনৰ পৰা ছেপ্তেম্বৰত ৰাজ্যখনত আটাইতকৈ বেছি বৰষুণ হয়। ব্ৰহ্মপুত্ৰ উপত্যকাত বাৰ্ষিক গড় বৃষ্টিপাত হৈছে ১৬৬ চে.মি. আৰু বৰাক উপত্যকাত বাৰ্ষিক গড় বৃষ্টিপাত হৈছে ১৮৩ চে.মি.। গ্ৰীষ্মকালত তাপমাত্ৰা হয়গৈ ৩০০-৩৬০ চেলচিয়াছ। দক্ষিণ-পশ্চিম মৌচুমী বতাহৰ প্ৰৱাহ চেপ্তেম্বৰৰ শেষ সপ্তাহত আঁতৰিবলৈ ধৰে আৰু লাহে লাহে বতৰ পৰিস্কাৰ হবলৈ ধৰে, লগে লগে তাপমাত্ৰা কমিব ধৰে। এনেকৈয়ে বৰ্ষাকাল আঁতৰি যোৱা বুলি অনুভৱ কৰিব পাৰি।

উদ্ভিদ আৰু প্ৰাণীজগত

            অসমৰ হাবি, নদী আৰু জলাশয়বোৰ বিভিন্ন উদ্ভিদ আৰু প্ৰাণীৰে ভৰপূৰ। অসমৰ মুঠ মাটিকালিৰ ৩৫ শতাংশ ঠাই হাবি-বননিৰে আগুৰা। শাল, চেগুণ, গমাৰি, তিতাচপা, এজাৰ, অগৰু, চিচু, বাঁহ, শিমলু আদিৰ দৰে মূল্যবান গছেৰে অসমৰ বনাঞ্চল ঠাহ খাই আছে। এই ৰাজ্যখন বহু ধৰণৰ ঔষধী তথা পানীয় হিচাপে খাব আৰু ব্যৱহাৰ কৰিব পৰা উদ্ভিদেৰে ভৰি আছে, যেনে- চাহ, নীম, তুলসী, অশোক, অৰ্জুন ইত্যাদি। বহু দুৰ্লভ পক্ষী আৰু জন্তুৰ বাসস্থান হৈছে এই অসমভূমি। এইবোৰৰ ভিতৰত এশিঙীয়া গঁড় পৃথিৱীবিখ্যাত। ইয়াৰে হাবিত পোৱা আন আন কিছু জীৱ-জন্তু হৈছে- বাঘ, হাতী, বনৰীয়া মহ, সোণালী বান্দৰ, হৰিণা, নাহৰফুটুকী, হলৌ বান্দৰ, বনৰীয়া ৰাজহাঁহ, বনৰীয়া গাহৰি ইত্যাদি। মোটামুটিভাৱে মুঠ বনাঞ্চলৰ আধা অংশ সংৰক্ষিত। মুঠ ওঠৰখন ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্য অসমত আছে। তাৰ ভিতৰত বিখ্যাত কেইখনমান হল- কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মানাহ ৰাষ্ট্ৰীয় উদ্যান, নামেৰী ৰাষ্ট্ৰীয় উদ্যান আৰু পবিতৰা অভয়াৰণ্য।

পৰ্যটনৰ ঠাই

            বিভিন্ন পৰ্যটকৰ বাবে অসম সদায়েই এক স্বপ্নপুৰী হৈ আহিছে। অসমৰ মুঠ মাটিকালিৰ ৩৫ শতাংশ বনাঞ্চলেৰে আগুৰা। বন্যপ্ৰাণী অভয়াৰণ্য, তীৰ্থস্থান, ঐতিহাসিক ঠাই, সাংস্কৃতিক কেন্দ্ৰ আদিবোৰে বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোকক সদায়েই আকৰ্ষণ কৰি আহিছে। অসমৰ কিছুমান গুৰুত্বপূৰ্ণ পৰ্যটনৰ ঠাই হৈছে গুৱাহাটী, তেজপুৰ, মাজুলী, হাজো, হাফলং, ভালুকপুং, ভৈৰৱকুণ্ড, চানডুবি, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মানাহ ৰাষ্ট্ৰীয় উদ্যান, নামেৰী ৰাষ্ট্ৰীয় উদ্যান আৰু পবিতৰা অভয়াৰণ্য আদি।