মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ খনি আৰু খনিজ পদাৰ্থ ভূ-তত্ব আৰু খনন সঞ্চালকলয়

ইতিহাস

  • ভূ-তত্ব আৰু খনন সঞ্চালকালয়, অসমৰ বিষয়ে-

                অসম ৰাজ্যখন ২৪৭’ উত্তৰ আৰু ২৮০’ উত্তৰ অক্ষাংশ আৰু ৮৯৪৫’ পূৱ আৰু ৯৬০০’ পূবৰ দ্ৰাঘিমাংশৰ মাজত অৱস্থিত। এই ৰাজ্যখনৰ উত্তৰ-পূব আৰু দক্ষিণ এই তিনিওটা দিশেই পাহাৰ পৰ্বতেৰে আৱেষ্টিত। পশ্চিমে ই পশ্চিমবংগ আৰু বাংলাদেশৰ সমভূমিৰ সৈতে সংলগ্ন হৈ আছে। ৰাজ্যখনৰ উত্তৰ অংশত আছে ব্ৰহ্মপুত্ৰ উপত্যকা যি অৰুণাচলৰ সীমাত ৰৈছেগৈ। আনহাতে  দক্ষিণ অংশত আছে ব্ৰহ্মপুত্ৰ উপত্যকা। এই দুই উপত্যকাৰ মাজত কাৰ্বি আংলং মালভূমি, যাৰ দক্ষিণে আছে ডিমা হাছাও পাহাৰ পৰ্বতাংশ। এই ৰাজ্যখন ত৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ জুৰি আগুৰা এক অঞ্চল যি আমাৰ দেশৰ মুঠ মাটিকালিৰ ২.৩৯ শতাংশ। এই অঞ্চলৰ জনসংখ্যা প্ৰায় ৩.১২ কোটি। অসমত  তিনিটা ভূতাত্বিক গঠন গোট আছে। ভূতাত্বিক গঠনত কাৰ্বি আংলং মালভূমিৰ প্ৰধান ভমিকা আছে, যি শ্বিলং মালভূমিৰ এক সম্প্ৰসাৰণ। দ্বিতীয়তে আছে, টাৰ্চিয়েৰী ডিপাজিশ্বনেল জন, যিয়ে উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ পাহাৰ আৰু ৰাজ্যখনৰ সৰ্বোচ্চ বৰাইল পৰ্বতক ঠিয় কৰাইছে। তৃতীয় ভূতাত্বিক গঠন গোটটো হৈছে ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ সমভূমি অঞ্চল। ভূপ্ৰযুক্তিগত দিশৰ পৰা চালে দেখা যায় যে অসমৰ লগতে গোটেই উত্তৰ পূৰ্বাঞ্চল চেকমিক জন-V অৰ্থাত্ পঞ্চম ভূকম্পীয় ক্ষেত্ৰত অন্তৰ্ভুক্ত। গতিকে অসম তথা উত্তৰ-পূব ভাৰত পৃথিৱীৰ আটাইতকৈ ভিজা, সেমেকা মৌচুমী বেল্টত পৰে। আমাৰ ৰাজ্যখন উপ গ্ৰীষ্মপ্ৰধান আদ্ৰ জলবায়ু অঞ্চলৰ অন্তৰ্গত। সকলো ঋতুতে এই ৰাজ্যৰ বতৰ প্ৰায়েই শান্ত আৰু মনোৰম হৈ থাকে। অসম ভূখণ্ড প্ৰচুৰ খনিজ সম্ভাৱনা আৰু অন্যান্য প্ৰাকৃতিক সম্পদেৰে পুষ্ট। ৰাজ্যখনত উপলব্ধ প্ৰধান খনিজসমূহৰ ভিতৰত পেট্ৰোলিয়াম আৰু প্ৰাকৃতিক গেছ, কয়লা, লো আদিয়েই প্ৰধান। আহাতে, সাধাৰণ খনিজৰ ভিতৰত বালি, চীনামাটি, চিলিকা, গ্ৰেনাইট, চূণশিল, কোৱাৰ্টাইজ আদি প্ৰধান।

                সঞ্চালকালয়ৰ মুখ্য কাৰ্যকলাপ হৈছে পদ্ধতিগত ভূতাত্বিক অনুসন্ধান কৰা আৰু ইয়াৰ মূল্যায়ন আৰু ৰাজ্যত সঞ্চিত হৈ থকা খনিজৰ প্ৰাককলন। সঞ্চালকালয়ে ভূজল সম্পদৰ নিৱৰচ্ছিন্ন উন্নয়নৰ হকে ইয়াৰ নিৰীক্ষণ আৰু অন্বেষণৰ বাবে চেষ্টা চলাই থাকে। সঞ্চালকালয়ে ভূমিকম্প, ভূমিস্খলন আদিৰ দৰে ভূতাত্বিক দুৰ্যোগসমূহৰ ব্যৱস্থাপনাতো চকু দি আহিছে, যাতে এনে ধৰণৰ দুৰ্যোগবোৰ প্ৰশমন কৰিব পাৰি আৰু আগলৈ ইয়াৰ পবৰ্বপ্ৰস্তুতি উন্নত হয়। সঞ্চালকায়ে পট্টাধিকাৰী আৰু সম্ভাৱনাপূৰ্ণ বিনিয়োগকাৰীসকলক তথ্য আৰু আৱশ্যকীয় প্ৰশাসন আগবঢ়ায়। সাধাৰণ আৰু প্ৰধান খনিজসমূহৰ সম্ভাৱনীয়তা সন্দৰ্ভত চোৱাচিতা কৰাৰ লগতে খনিজ বিধান আৰু খনিজ ৰেহাইৰ প্ৰক্ৰিয়াৰ চোৱাচিতা কৰে এই সঞ্চালকালয়ে।