মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ খনি আৰু খনিজ পদাৰ্থ ভূ-তত্ব আৰু খনন সঞ্চালকলয়

কাৰ্য্যাৱলী আৰু উদ্দেশ্য

কাৰ্য্যাৱলী–

এই সঞ্চালকালয়ৰ কাৰ্যকলাপৰ ভিতৰত পদ্ধতিগত সমীক্ষা আৰু ৰাজ্যখনত সঞ্চিত হৈ থকা খনিজৰ মূল্যায়নেই হৈছে প্ৰধান। সঞ্চালকালয়ে ভূজলৰ নিৰৱচ্ছিন্ন উন্নয়নৰ হকে ইয়াৰ নিৰীক্ষণ আৰু অন্বেষণৰ বাবে চেষ্টা চলাই থাকে। ৰাজহুৱা আৰু ব্যক্তিগত উভয় খণ্ডকে অন্বেষণৰ বাবে অনুজ্ঞা প্ৰদান কৰা, খনিজ আৰু পেট্ৰোলিয়ামৰ বাবে খনন পট্টা প্ৰদান কৰা আদি। সঞ্চালকালয়ে ভূমিকম্প, ভূমিস্খলন আদিৰ দৰে ভূ-তাত্বিক দুৰ্যোগসমূহৰ ব্যৱস্থাপনাটো চকু দি আহিছে, যাতে এনে ধৰণৰ দুৰ্যোগবোৰ প্ৰশমন কৰিব পাৰি আৰু আগলৈ ইয়াৰ পূৰ্বপ্ৰস্তুতি উন্নত হয়।

সঞ্চালকালয়ে পট্টাধিকাৰী আৰু সম্ভাৱনাপূৰ্ণ বিনিয়োগকাৰীসকলৰ তথ্য আৰু আৱশ্যকীয় প্ৰশাসন আগবঢ়ায়। সাধাৰণ আৰু প্ৰধান খনিজসমূহৰ সম্ভাৱনীয়তা সন্দৰ্ভত চোৱাচিতাৰ কাম কৰে এই সঞ্চালকালয়ে। লগতে খনিজবিধান আৰু খনিজ ৰেহাইৰ প্ৰক্ৰিয়াৰ চোৱাচিতা কৰে এই সঞ্চালকালয়ে।

 

উদ্দেশ্য-

  • ভূ-তত্ব আৰু খনন সঞ্চালকালয় হৈছে এক ভূ-বৈজ্ঞানিক অনুসন্ধান বিভাগ যাৰ বাবে ই সদায় দায়বদ্ধ।
  • ৰাজ্যজুৰি খনিজ আৰু ভূ-জলসম্পদৰ অন্বেষণ আৰু ব্যৱস্থাপনা।
  • খনিজসমূহ, খনিজ তেল, গেছ আদিৰ প্ৰশমন আৰু শোষণ।
  • খনন পট্টা অধীন এলেকাসমূহৰ পৰা উত্পাদিত খনিজ, তেল, প্ৰাকৃতিক গেছ আদিৰ ৰয়েল্টী, ভাড়া, মাচুল আদিৰ সত্যতা নিৰূপণ কৰা। ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ সংস্থাসমূহক খনিজ আৰু পেট্ৰোলিয়ামৰ বাবে খনন পট্টা আৰু অনুসন্ধান অনুজ্ঞা প্ৰদান কৰা।
  • পেট্ৰোকেমিকেল দহন, খনিত অগ্নিসংযোগ, ভূমিস্খলন, ভূমিক প আদিৰ দৰে ভূতাত্বিক দুৰ্যোগবোৰৰ মেপিং।

ৰাজ্যজুৰি খনিজ আৰু ভূ-জল সম্পদৰ অন্বেষণ-

            ১. খনিজসম্ভৱ অঞ্চলৰ বিতং ভূতাত্বিক মেপিং।

            ২. খনিজ অঞ্চলত কৰ ড্ৰিলিং।

            ৩. ভূ-জল সমীক্ষা।

            ৪. খনিজ ভূ-জলৰ নমুনা সংগ্ৰহৰ বাবে গৱেষণামূলক ড্ৰিলিং আৰু সক্ৰিয় নলীনাদ স্থাপন।

            ৫. ৰাজ্যখনত খনিজ আৰু ভূ-জল সম্পদৰ প্ৰতিষ্ঠাৰ লক্ষ্যৰে গৱেষণাগাৰৰ অধ্যয়ন।

ৰাজ্যজুৰি খনিজ আৰু পেট্ৰোলিয়ামৰ প্ৰশমন-

            ১. ৰাজহুৱা আৰু ব্যক্তিগত উভয় খণ্ডৰে প্ৰতিষ্ঠানৰ খনিজ আৰু পেট্ৰলিয়ামৰ অন্বেষণৰ                      বাবে অনুজ্ঞা প্ৰদান।

            ২. সাধাৰণ খনিজৰ বাবে নিৰ্মিত খনন পৰিকল্পনাত অনুমোদন।            

            ৩. ৰাজহুৱা আৰু ব্যক্তিগত বিভিন্ন প্ৰতিষ্ঠানক খনিজ আৰু পেট্ৰোলিয়াম খননৰ হেতু                        অসম চৰকাৰৰ খনি আৰু খনিজ বিভাগৰ দ্বাৰা খনন পট্টা প্ৰদান।

            ৪. খনিজ সম্পদৰ যথাসম্ভৱ খনন।

            ৫. খনন পট্টা আৰু অন্যান্য অনুজ্ঞা সন্দৰ্ভত বিভিন্ন আইন প্ৰৱৰ্তন আৰু প্ৰয়োগৰ দিশটো                  চোৱাচিতা কৰা।

            ৬. নিয়ম অনুসৰি পৰিচালনা কৰা আৰু খনিজ আৰু পেট্ৰোলিয়ামত ৰেহাইৰ ব্যৱস্থা কৰাৰ                  লগতে ৰাজ্যখনত খনিজ আৰু পেট্ৰোলিয়ামৰ কাম কৰা পট্টাধিকাৰী বা লেচীসকলৰ                     পৰা পাবলগীয়া তথা কোষাগাৰালৈ যাবলগীয়া ৰয়েল্টী,ভাড়া আৰু অন্যান্য অনাকৰ                       ৰাজহসমূহৰ মূল্যায়ন আৰু কাৰ্যকৰী কৰা।