মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ খনি আৰু খনিজ পদাৰ্থ ভূ-তত্ব আৰু খনন সঞ্চালকলয়

খনন পট্টাৰ গৃহীত হোৱাৰ প্ৰক্ৰিয়া
  • প্ৰধান খনিজসমূহ-

খনি আৰু খনন উন্নয়ন আৰু বিনিয়ম, ১৯৫৭ (সংশোধনী,২০১৫)এম.চি.আৰ.,১৯৬০ আৰু এম.চি.আৰ.ডি.,১৯৮৮ অনুসৰি প্ৰধান খনিজসমূহৰ ক্ষেত্ৰত খনিজ ৰেহাইৰ ব্যৱস্থা আছে। প্ৰধান খনিজসমূহৰ ক্ষেত্ৰত পৰিদৰ্শন অনুজ্ঞা, প্ৰত্যাশিত অনুজ্ঞা আৰু খনন পট্টা দিয়া হয়।

  • প্ৰক্ৰিয়া-
  • খনিজ ৰেহাই অধিনিয়ম, ১৯৬০ৰ অধিনিয়ম ২২(১) অনুসৰি খনন পট্টা/পৰিদৰ্শন অনুজ্ঞা/প্ৰত্যাশিত অনুজ্ঞাৰ ববে ক্ৰমে Form1/FormA/FormBত দৰ্খাস্ত কৰিব লাগে ৰাজ্য চৰকাৰলৈ বুলি।
  • আবেদনৰ সৈতে ফেৰতঅযোগ্য মাচুল দিব লাগে। পৰিদৰ্শন অনুজ্ঞাৰ বাবে এম.চি.আৰ.,১৯৬০ অনুসৰি প্ৰতি বৰ্গকিলোমিটাৰত ৫ টকাকৈ বা তাৰ অংশবিশেষ।প্ৰত্যাশিত অনুজ্ঞাৰ বাবে প্ৰতি বৰ্গকিলোমিটাৰত ২৫০ টকাকৈ বা তাৰ অংশবিশেষ।খনন পট্টাৰ বাবে ২৫০০ টকা।
  • খনন ৰেহাই অধিনিয়ম ২২(৩)(1)(d) অধিনিয়ম অনুসৰি ৰয়েল্টি, ডেড ৰেণ্ট, চাৰ্ফেণ্ট ৰেণ্ট আদিবোৰ এখন বৈধ ক্লিয়েৰেল্স চাৰ্টিফিকেট তৈয়াৰ কৰিব লাগে, ৰাজ্য চৰকাৰে আগবঢ়োৱা প্ৰপত্ৰত।
  • আবেদনকাৰীৰ যদি পৰিদৰ্শন অনুজ্ঞা নাথাকে তেন্তে উল্লেখিত ক্লিয়েৰেন্স চাৰ্টিফিকেট তৈয়াৰ কৰাৰ প্ৰয়োজন নহয়। কিন্তু তাৰ সলনি ৰাজ্য চৰকাৰৰ প্ৰত্যয়ৰ বাবে এখন শপতনামা বা হলফনামা প্ৰস্তুত কৰি দিবলগীয়া হয়।
  • আবেদনকাৰীয়ে যদি পাৰ্টনাৰ্শ্বিপ ফাৰ্ম বা প্ৰাইভেট লিমিটেডক কোম্পানীৰ হৈ আবেদন কৰে, তেন্তে সেই প্ৰমাণ-পত্ৰখনত পাৰ্টনাৰশ্বিপ ফাৰ্মৰ প্ৰতিজন তথা প্ৰাইভেট লিমিটেড কোম্পানী হলে প্ৰতিজন সদস্যই প্ৰমাণপত্ৰখন তৈয়াৰ কৰিব লাগিব।
  • এম.চি.আৰ.,১৯৬০ৰ ২২ (৩)(i)(f) অধিনিয়ম অনুসৰি আবেদনকাৰীয়ে আয়কৰ ৰিটাৰ্ণ কৰাৰ সবিশেষ তথা আয়কৰ আইন,১৯৬১ (৪৩ of ১৯৬১) অনুসৰি আয়কৰ জমা দিয়াৰ স্ব-মূল্যায়ন উল্লেখ কৰি এখন শপতনামা প্ৰস্তুত কৰিব লাগে।
  • এখন শপতনামাৰ প্ৰয়োজন যত আবেদনকাৰীয়ে দখল কৰি থকা খনিজক্ষেত্ৰৰ উল্লেখ থাকিব। সেই দফা দেখুৱাব লাগিব-

            ১. পৰিদৰ্শন অনুজ্ঞাৰ দ্বাৰা

            ২. অনুজ্ঞাৰ বাবে আবেদন কৰা হৈছে কিন্তু আহি পোৱা নাই

            ৩. এম.চি.আৰ.,১৯৬০ৰ ২২ (৩)(i)(g) অধিনিয়ম অনুসৰি সমান্তৰালভাৱে আবেদন কৰাৰ প্ৰমাণ-পত্ৰৰ দ্বাৰা।

  • আবেদনকাৰীয়ে দখল কৰি থকা খনিজ ক্ষেত্ৰৰ মাটিখিনি যদি আবেদনকাৰীৰ নিজৰ নহয় তেন্তে এম.চি.আৰ.,১৯৬০ৰ ২২ (৩)(i)(h) অধিনিয়ম অনুসৰি মাটিৰ মালিকৰ অনুমতিৰ উল্লেখনসহ এক লিখিত বিবৃতি দিব লাগিব।
  • যিডোখৰ ক্ষেত্ৰৰ বাবে আবেদন কৰা হৈছে তাৰ সবিশেষ উল্লেখ কৰাৰ লগতে আবেদনকাৰীয়ে কেডেষ্ট্ৰেল মেপ এখন গাঠি দিব।
  • স্মাৰক গাঠি দিয়াৰ লগতে লাগিব আৰ্টিকল অব এছোচিয়েচন অব কোম্পানীৰ পঞ্জীকৰণ নাম আৰু পাৰ্টনাৰশ্বিপৰ নাম।
  • খনি আৰু খনিজ (উন্নয়ন আৰু প্ৰবিধান) আইন,১৯৫৭ৰ ৫(১) অনুসূচিত উল্লেখিত খনিজৰ বাবে খনি আৰু খনন উন্নয়ন আৰু বিনিয়ম,১৯৫৭ৰ ৫(১) অধিনিয়ম অনুসৰি খনন পট্টালোৱাৰ আগেয়ে ভাৰত চৰকাৰৰ অনুমোদন প্ৰাপ্ত কৰিব লাগে।
  • খনি আৰু খনন উন্নয়ন আৰু বিনিয়ম,১৯৫৭ৰ ৫(২) অধিনিয়ম অনুসৰি আবেদনকৃত ক্ষেত্ৰখন যদি প্ৰত্যাশাপূৰ্ণ নহয় অথবা খনিজৰ অৱস্থিতি সন্দৰ্ভত পূৰ্বতে কোনো নিশ্চয়তা গ্ৰহণ কৰা হোৱা নাই তেন্তে তেনে ক্ষেত্ৰত খনন পট্টাৰ বাবে অনুমতি প্ৰদান কৰা নহয়।
  • খনি আৰু খনন উন্নয়ন আৰু বিনিয়ম,১৯৫৭ৰ ৬(১)(b) অধিনিয়ম অনুসৰি খনন পট্টাৰ অধীনত থকা মাটিখিনি ন-কৈ খনন পট্টাৰ বাবে আবেদন কৰা মাটি, দুয়োটা মিলি যদি ১০ বৰ্গ কিলোমিটাৰতকৈ বেছি হয় তেন্তে ভাৰত চৰকাৰৰ পৰা এখন ক্লিয়েৰেন্স উলিয়াই লোৱাটো প্ৰয়োজনীয় হয়।
  • ঠাইখিনি সম্ভাৱনাপূৰ্ণ বা খলিঘন নহলে খনি আৰু খনন উন্নয়ন আৰু বিনিয়ম,১৯৫৭ৰ ৬(১)(c) অধিনিয়ম অনুসৰি ৰাজ্য চৰকাৰৰ পৰা পকী ব্লক ক্লিয়েৰেন্স প্ৰাপ্ত কৰিব লাগে।
  • খনন পট্টাৰ বাবে আবেদনকৃত ঠাইডোখৰ ৫ৰ পৰা ৫০ হেক্টৰৰ ভিতৰত হয়, তেন্তে ৰাজ্যিক প্ৰভাৱ মূল্যায়ন প্ৰাধিকৰণৰ পৰা আৰু ৫০ হেক্টৰতকৈ অধিক হলে ভাৰত চৰকাৰৰ পৰিবেশ মন্ত্ৰালয়ৰ পৰা বনাঞ্চলক বন উদ্দেশ্যৰহিত কামৰ বাবে ব্যৱহাৰ কৰাৰ হেতু ক্লিয়েৰেন্স উলিয়াই লোৱাটো জৰুৰী।
  • খনন পট্টাৰ আবেদন গৃহীত হলে এম চি আৰ,১৯৬০ৰ ২২নং বিধিনিয়মৰ ৪নং উপ-অধিনিয়ম অনুসৰি আবেদনকাৰীক যথাযথ ঠাইডোখৰ খনন পৰিকল্পনা এটি জমা দিবলৈ নিৰ্দেশ দিয়া হব।
  • সকলোবোৰ ঠিকমতে হোৱাৰ পিছত খনন কাৰ্যকৰী হোৱাৰ আগেয়ে আবেদনকাৰীয়ে নিৰাপত্তা জমাৰাশি দিব লাগে। সেই ৰাশি এনেধৰণৰ-

১. পৰিদৰ্শন অনুজ্ঞাৰ বাবে প্ৰতিবৰ্গ কিলোমিটাৰত ২০ টকাকৈ বা অংশীদাৰিত্ব।

২. প্ৰত্যাশিত অনুজ্ঞাৰ বাবে প্ৰতি বৰ্গকিলোমিটাৰত ২৫০ টকাকৈ বা তাৰ অংশবিশেষ আৰু

৩. খনন পট্টাৰ বাবে ১০০০০ টকা।

  • প্ৰতিজন খনন পট্টা অধিকাৰীয়ে ৫ হেক্টৰতকৈ অধিক খনন ক্ষেত্ৰৰ ই আই এ আৰু ই এম পি প্ৰস্তুত কৰিব লাগে, যাতে সংশ্লিষ্ট আইন অনুসৰি ভাৰত চৰকাৰৰ পৰা অনুমতি লাভ কৰিব পাৰে।
  • এম এম ডি আৰ,২০১৫ৰ৯b অধিনিয়ম অনুসৰি সকলো খনন প্ৰাধিকাৰীয়ে ডি এম এফ টি ত ধন আদায় দিব লাগে।

সৰু খনিজৰ বাবে-

            অসমৰ সকলো খনিজ ৰেহাই অধিনিয়ম,২০১৩ ৰ X আৰু  Y অনুসূচী অনুসৰি খনন পট্টা/ঠিকা/অনুজ্ঞা আদি লাভৰ প্ৰক্ৰিয়াসমূহ এনে ধৰণৰ-

  • এম এম ডি আৰ,২০১৩ৰ এম এল-১ নিৰ্দ্ধাৰিত প্ৰপত্ৰত আবেদন কৰিব লাগে।
  • কোনো ধৰণৰ অনুজ্ঞা অবিহনে কোনেও এই ৰাজ্যৰ কোনো ঠাইত সাধাৰণ যিকোনো খনিজৰ বাবে সামান্য খনন কাৰ্য কৰিবও নোৱাৰিব।
  • খননৰ প্ৰত্যাশিত ঠাই ডোখৰ যদি খনিজ সম্ভাৱনাহীন অথবা সাধাৰণ খনিজৰ অৱস্থিতি সন্দৰ্ভত পূৰ্ব নিশ্চিতিহীন হয়, বা সেই সন্দৰ্ভত সংশ্লিষ্ট কৰ্তৃপক্ষ প্ৰতীয়মান নহয়, তেন্তে কোনো ধৰণৰ খনন পট্টাৰ অনুমোদন দিব পৰা নাযায়।
  • সকলোবোৰ প্ৰয়োজনীয় নথি-পত্ৰ, যেনে- খনন মাচুল আদায়ৰ ক্লিয়েৰেন্স চাৰ্টিফিকেট, শপতনামা, আয়কৰ আদায়ৰ সবিশেষ, খনন এলেকাৰ সবিশেষ আদি লগত গাঁঠি দিব লাগে।
  • যিডোখৰ ঠাইৰ বাবে আবেদন কৰা হৈছে তাৰ ক্ষেত্ৰৰ অধিকাৰ আবেদনকাৰীৰ থাকিব লাগিব।
  • চৰকাৰৰ দ্বাৰা সেই নিৰ্দিষ্ট ঠাইডোখৰৰ কুৱেৰী পট্টা অনুমোদন পাবলৈ হলে আবেদনকাৰীয়ে খনন পৰিকল্পনা এখন তৈয়াৰ কৰি ভূতত্ব আৰু খনন সঞ্চালকালয়ৰ সঞ্চালকলৈ পঠিয়াব। সেই মৰ্মে সঞ্চালকালয়ৰ অনুমোদন পালেহে চৰকাৰে খনন পট্টা/ঠিকা/অনুজ্ঞা আদি প্ৰদান কৰিব।
  • সকলো খনন পট্টা/ঠিকা/অনুজ্ঞা/পঞ্জীয়ন/হস্তান্তৰ এ.এম.এম.চি.আৰ.,২০১৩ অনুসৰি ক্ৰমে এম.এল.-১, এম.চি.-১ এম.পি.এছ.-১এম.আই.-১ আৰু এম.এল.-৪ৰ নিৰ্দ্ধাৰিত ধৰণত কৰিব লাগে।
  • বনাঞ্চলৰ ৫ হেক্টৰ বা তাতকৈ অধিক মাটি হলে খনন পট্টাধিকাৰীয়ে ৰাজ্যিক পৰিৱেশ প্ৰভাৱ মূল্যায়ণ প্ৰাধিকৰণৰ অনুমোদন গ্ৰহণ কৰিব লাগে।
  • সকলো খনন পট্টা/ঠিকা/অনুজ্ঞা অধিকাৰীয়ে এ.এম.এম.চি.আৰ., ২০১৩ অনুসৰি ৰয়েল্টী, ডেডৰেণ্ট, চাৰ্ফেচ ৰেণ্ট আদি আদায় দিব লাগে।
  • এম এম ডি আৰ,২০১৫ৰ ১৫A অধিনিয়ম অনুসৰি সকলো খনন পট্টাধিকাৰীয়েডি.এম.এফ.টি. ত ধন আদায় দিব লাগে।

পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছৰ বাবে-

জি.এছ.আৰ(ই) ৮৯৯ (ই), ২৫ নৱেম্বৰ,২০০৯ৰ অধীনত মাচুল জমা দিব লাগে।

পি.এম.এল.ৰ বাবে-

  • প্ৰাথমিক পট্টা মাচুল – ২০০০০০ টকা
  • প্ৰাথমিক খৰচ – ১,২০,০০০ টকা
  • সুৰক্ষা জমাৰাশি – ৮,০০,০০০ টকা

পি.ই.এল.ৰ বাবে

  • প্ৰাথমিক পট্টা মাচুল – ১,০০,০০০ টকা
  • সুৰক্ষা জমাৰাশি – ২,০০,০০০ টকা

ডেড ৰেণ্ট-

  • প্ৰতি হেক্টৰ ১০০ টকা বা তাৰ অংশবিশেষ, প্ৰথম ১০০ বৰ্গকিলোমিটাৰ ক্ষেত্ৰত।
  • প্ৰতি হেক্টৰ ২০০ টকা বা তাৰ অংশবিশেষ, ১০০ বৰ্গকিলোমিটাৰৰ অধিক হলে।

ভাৰতীয় ষ্টাম্প (অক্ষম সংশোধনী আইন) ২০১৩ অনুসৰি ডেডৰেণ্টৰ ৩ শতাংশ ষ্টাম্প শুল্ক-