মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ খনি আৰু খনিজ পদাৰ্থ ভূ-তত্ব আৰু খনন সঞ্চালকলয়

ভূজলৰ স্থিতি

বিজ্ঞানসন্মত ভাৱে ভূ-জল সম্পদৰ অন্বেষণ কৰিবলৈ ভূ-তত্ব আৰু খনন সঞ্চালকালয়, অসমে ১৯৬৭ চনত এটি কেন্দ্ৰ গঠন কৰি দিছিল। এই কেন্দ্ৰই ৰাজ্যৰ বিভিন্ন স্থানত বিজ্ঞানসন্মত ভাৱে, নিয়ম অনুসাৰে জৰীপ কাৰ্য্য সমাধা কৰে। যাৰ দ্বাৰা ভূ-জলন অৱস্থা আৰু অগভীৰ নলীনাদ স্থাপনৰ জৰিয়তে ভূ-জলৰ উন্নয়নৰ সম্ভাৱতাৰ বিষয়ে অৱগত হ’ব পৰা গ’ল। এই বিভাগে ৰাজ্যৰ ৫০,০০০ বৰ্গ কি.মি. এলেকাও জলবৈজ্ঞানিক অধ্যয়ণ কৰে। এই অধ্যয়ণে ২০০ টা নলী নাদকো অধ্যয়ণ কৰিছিল, যাৰ ভিতৰত ১২০ টাক পাছলৈ সক্ৰিয় কৰি তোলা গ’ল। এই সঞ্চালকালয়ে জলবৈজ্ঞানিক তথ্য সংগ্ৰহ কৰি আছো আৰু ৰাজ্যখনৰ বিভিন্ন ঠাইত সময়ে সময়ে জলস্তৰৰো পৰীক্ষা কৰি আহিছে। এই তথ্যসমূহে ভূজল সন্দৰ্ভত ভৱিষ্যতে হ’বলগা অন্বেষণ আৰু গৱেষণাকৰ্মসমূহত আৱশ্যকীয় সমল হ’ব পাৰিব।

            বৰ্ত্তমান, ভূ-জল খাৰৰ বাবে, কৃষি আৰু উদ্যোগৰ বাবে উপযোগী আৰু সুৰক্ষিত হৈ আছে। ইয়াৰ PH মূল্য হৈছে ৭.৫ ৰ পৰা ৯.০। লো, ফ্ল’ৰাইড আৰু আৰ্ছেনিকৰ বাহিৰে বাকী সকলোবোৰ মাপকাঠী স্বাভাৱিক। ফ্ল’ৰাইডৰ উপস্থিতি অতি গভীৰ জলস্তৰত দেখিবলৈ পোৱা যায়।