মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ খনি আৰু খনিজ পদাৰ্থ ভূ-তত্ব আৰু খনন সঞ্চালকলয়

খনিজৰ প্ৰয়োগ

পৰিচিতিঃ

পৃথিৱীত জীৱ সৃষ্টিৰ বহু আগৰে পৰাই খনিজ পদাৰ্থ সমূহৰ অস্তিত্ব আছিল। যিয়ে জীৱ সৃষ্টি আৰু বিবৰ্তনত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছিল। ই জৈৱিক ব্যৱস্থাৰ সতে হোৱা এক সন্মিলিত প্ৰক্ৰিয়া যাক আমি এতিয়া বুজিবলৈ আৰম্ভ কৰিছোহে। খনিজ অধ্যয়নৰ প্ৰচলিত প্ৰান্তই গুৰুত্বপূৰ্ণ খনিজ পৰিয়াল কিছুমানক আৰু প্ৰতিষ্ঠিক বিশ্লেষণাত্মক পদ্ধতি ( অপ্তিকেল মাইক্ৰ’স্কোপি আৰু ৰঞ্জন ৰশ্মি বিচ্ছুৰণ) কিছুমানক আঙুলীয়াই দি আহিছে। অসম ৰাজ্যখনে আঠসত্তৰ হাজাৰ চাৰিশ আঠত্ৰীশ বৰ্গ কিলোমিটাৰ আগুৰি আছে। এই ৰাজ্যৰ পৰিসৰ সকলো ধৰণৰ প্ৰাকৃতিক উপাদান লগতে খনিজ সম্পদেৰে ভৰপূৰ হৈ আছে।

খনিজঃ

ভূতত্ব আৰু খনন সঞ্চালকালয়, অসমে এই মুলুকাৰ সম্ভাৱনাপূৰ্ণ সঞ্চিত খনিজ ভঁৰালৰ ব্যাপক অন্বেষণ কৰি আহিছে। অৰ্থনৈতিক গুৰুত্ব থকা অসমৰ কেইবিধমান খনিজ হৈছে কয়লা, চূণশিল, চিনামাটি, কেঁচালো, বালি ছন্দা, ছিলিমেনাইট, গ্ৰেনাইট ইত্যাদি। এইবোৰৰ ভিতৰত কয়লা আৰু চূণশিলৰ খনন কাৰ্য সফলতাৰে কৰি থকা হৈছে আৰু কেইবাটাও ছিমেন্ট কাৰখানা সক্ৰিয় হৈ আছে। খনন উন্নয়ন আৰু খনিজ ভিত্তিক উদ্যোগৰ ক্ষেত্ৰত অসমৰ আছে উজ্জ্বল সম্ভাৱনা।

খনিজ খননৰ সুবিধা আৰু সম্ভাৱনাঃ-

সাধাৰণতে কয়লা খনন কাৰ্য চৰকাৰী তথা ৰাজহুৱা খণ্ডৰ কোম্পানী সমূহৰ দ্বাৰা কৰা হয়। আনহাতে, কয়লা খননত ব্যক্তিগত খণ্ডৰ কোম্পানী সমূহৰ উপৰত কিছু বাধা নিষেধ আছে। ব্যক্তিগত খণ্ডৰ যি সমূহ কোম্পানীয়ে লো আৰু তীখা উত্পাদন, চিমেন্ট উত্পাদন আৰু কয়লাৰ পৰা শক্তি আহৰণৰ দৰে কাম কৰি আছে তেওঁলোকক নিজা ব্যৱহাৰৰ বাবে কয়লা খননৰ অনুমতি প্ৰদান কৰা আছে। আনহাতেদি চূণশিল, চীনা মাটি, গ্ৰেনাইট, চিলিমেনাইট, মূলটানী মাটি, কেঁচা- লো, বালিচন্দা ইত্যাদি খননৰ ক্ষেত্ৰত ব্যক্তিগত খণ্ডৰ কোম্পানী বিলাক বাধা-নিষেধৰ পৰা মুক্ত।

সাম্ভাব্য খনিজ ভিত্তিক উদ্যোগসমূহঃ-

ক্ৰমিক নঃখনিজৰ নামসাম্ভাব্য ঔদ্যোগিক ব্যবহাৰ

কয়লা

জুলীয়া ইন্ধন উত্পাদনৰ বাবে প্ৰয়োজন হোৱা তাপবিদ্যুত্ প্ৰকল্প।

চূণশিল

চূণ আৰু চিমেন্ট উদ্যোগ

 

চীনামাটি

মাটিৰে তৈয়াৰী বাচন-বৰ্তন তথা চেনিটাৰী সামগ্ৰীসমূহৰ নিৰ্মাণ।

বালিচন্দা

কাঁচৰ সামগ্ৰী নিৰ্মাণ।

 

কেঁচা লো

পিগ, লোহা আৰু স্পঞ্জ-লোহা নিৰ্মাণ উদ্যোগ।

 

চিলিমেনাইট

 

 

গ্ৰেনাইট

টাইলচ, স্লেব, ব্লক, আদি শিলেৰে নিৰ্মাণ কৰা উদ্যোগ।

 

মুল্তানী মাটি

 

অগ্নি ইটা, মৃত্ পাত্ৰ আদিৰ নিৰ্মাণ

Downloads
TitleSizeDetail
Coal Deposits121.88 KBswf-image
2 Limestone Deposits.pdf81.31 KBswf-image
3 GRANITE Deposits.pdf87.88 KBswf-image
4 CHINA CLAY DEPOSITS.pdf112.46 KBswf-image
5Iron ore Deposits.pdf97.06 KBswf-image